Braking

বিজেপিলৈ ঢাপলি বিৰোধী সদস্যৰ একেদিনাই বিজেপিত যোগদান ২০০০ সদস্যৰ

ৰাজ্যত পুনৰ বৃদ্ধি পাইছে বিজেপি দলৰ জনপ্ৰিয়তা ।

একেদিনাই বিজেপিত যোগদান ২০০০ ত কৈও অধিক সদস্যৰ । বিজেপিলৈ ঢাপলি বিৰোধী দলৰ সদস্যৰ । আজি এক সমূহীয়া যোগদান সভাত ২০০০ ত কৈও অধিক সদস্যই নিজ দল ত্যাগ কৰি যোগদান কৰে বিজেপি দলত । পশ্চিম কাৰ্বি আংলঙৰ ৭ নং কপিলী পৰিষদ সমষ্টিৰ লাংচিটিং গাঁৱত  আয়োজিত কৰা হয় এক বিশাল জনসভাৰ ।কাৰ্বি পৰিষদৰ কাৰ্য্যবাহী সদস্য তুলিৰাম ৰংহাং ৰ উপস্থিতিত আৰম্ভ হয় এই সমূহীয়া যোগদান সভা ।

কংগ্রেছ , ASDC , APHLC ৰ দুই হাজাৰতকৈ অধিক লোকে এই জনসভাত যোগদান কৰে বিজেপিত  । বিজেপিয়ে যথেষ্ট উন্নয়ন সাধিছে বুলিও দাবী বিৰোধী সদস্যৰ ।

উন্নয়ন আৰু আন্ত:গাঁথনিৰ ক্ষেত্ৰত বিজেপি চৰকাৰে যথেষ্ট কাম কৰি অহাৰ দাবী সদস্য সকলৰ ।

Leave a Reply