বৰ্তমান সামাজিক মাধ্যমৰ বাবেই বিভিন্ন ধৰণৰ ঘটনা ঘটা পৰিলক্ষিত হৈছে।
বৰ্তমান সময়ত মানুহে শুই উঠিয়েই হাতত লয় নিজৰ স্মাৰ্ট ফোনটো।
ৰাতিপুৱা শুই উঠাৰে পৰা ৰাতি টোপনি যোৱা সময়লৈ আমি ব্যৱহাৰ কৰি আহিছোঁ আমাৰ স্মাৰ্ট ফোনটো।
যত উপলব্ধ আছে বিভিন্ন সামাজিক মাধ্যমৰ প্লেটফৰ্ম।
আমি নিতৌ বেছিভাগ সময় কটাও সামাজিক মাধ্যমত।
কিন্তু,বৰ্তমান সময়ছোৱাত সামাজিক মাধ্যম অন্ধকাৰ দিশে গৈ আছে, যত দেখিবলৈ পোৱা গৈছে বিভিন্ন ধৰণৰ ঘটনা, যাৰ বাবে ধ্বংস হৈছে বহু মানুহৰ জীৱন।
বৰ্তমান সামাজিক মাধ্যমৰ বাবে প্ৰধানকৈ বৃদ্ধি পাইছে পৰকীয়া প্ৰেম, ধন লুণ্ঠন, নাইবা অনলাইন ফিছিংৰ দৰে ঘটনা।
আনহাতে এইবোৰতকৈও ভয়ংকৰ কিছুমান ঘটনা প্ৰায় সময়তে ঘটি থকা দেখিবলৈ পোৱা গৈছে ।
আমি সকলোৱে প্ৰায় সময়ে আমাৰ নিজৰ ফটো সামাজিক মাধ্যমত আপলোড কৰো কিন্তু সেই ফটোসমূহ কিছুমান দুষ্ট চক্ৰই ডাউনলোড কৰি কিছুমান বিশেষ ৱেবচাইটত বিভিন্ন ধৰনে সেই ফটো সমূহ বিক্ষিপ্ত ৰূপত সংলগ্ন কৰি ব্লেকমেইলিং, ধনদাবী আদি কৰাৰ ঘটনা প্ৰায় সময়ে সংঘটিত হৈ আহিছে।
বিশেষকৈ বৰ্তমান সময়ত ছোৱালী , মহিলাসকল এনেকুৱা দুষ্ট চক্ৰৰ কৱলত পৰা পৰিলক্ষিত হৈছে, যিয়ে ছোৱালী নাইবা মহিলাসকলৰ ফটো এনেদৰে বিক্ষিপ্ত ৰূপত সম্পাদন কৰি বিভিন্ন ৱেবছাইটত আপলোড কৰাৰ দৰে ঘটনা বিভিন্ন ঠাইৰ বিভিন্ন পুলিছ ষ্টেচনত গোচৰ পঞ্জীয়ন হৈ আহিছে।
ইয়াৰ লগতে বৰ্তমান মানুহে নিজৰ ব্যক্তিগত জীৱনৰ প্ৰায় কথা সামাজিক মাধ্যমত জনায় নাইবা পোষ্ট কৰে
যাৰ বাবে বৃদ্ধি পাইছে চুৰি, ডকাইতিৰ দৰে ঘটনা,
কিয়নো আপুনি কত কেতিয়া, কোন সময়ত যায় এই সকলোবোৰ সামাজিক মাধ্যমত জনায় নাইবা পোষ্ট কৰি ঘৰৰ পৰা ওলাই যোৱা পিছত আপোনাৰ ঘৰত চোৰ নাইবা ডকাইতৰ প্ৰৱেশ অতি সহজ হৈ পৰে।
কিয়নো আপুনি নজনাকৈয়ে আপোনাক আৰু আপোনাৰ পৰিয়ালক হয়টো বিভিন্নজনে সামাজিক মাধ্যম যোগে লক্ষ কৰি থাকে।
ইয়াৰোপৰি প্ৰতিদিনে বিভিন্ন ধৰণৰ ঘটনা ঘটি আছে সামাজিক মাধ্যমৰ বাবে।
সামাজিক মাধ্যমৰ যেনেদৰে ভাল দিশ আছে, তাতোকৈ অতি বেয়া দিশ আছে , গতিকে সামাজিক মাধ্যম ব্যৱহাৰ কৰিলেও অতি সতৰ্ক হৈ ব্যৱহাৰ কৰা উচিত ।কিয়নো ,অতি মনোৰঞ্জন দিয়া সামাজিক মাধ্যমে হয়টো আপোনাৰ জীৱনলৈ চপাই আনিব পাৰে ।