হাৰিয়ানাৰ গুৰুগ্ৰামত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড । বৃহস্পতিবাৰে গুৰুগ্ৰামৰ ৫৭ নং ছেক্টৰত এজন লোকে তেওঁৰ ২৫ বছৰীয়া কন্যা ৰাধিকা যাদৱক গুলীয়াই হত্যা কৰে । ৰাধিকা যাদৱক গুলীয়াই হত্যা কৰে নিজ পিতৃয়ে । ৰাধিকা যাদৱ আছিল ৰাজ্যিক পৰ্য্যায়ৰ এগৰাকী টেনিছ খেলুৱৈ । আই টি এফ ডাবলছত ১১৩ নম্বৰ স্থানত থকা ৰাধিকা আছিল ভাৰতীয় টেনিছৰ উদীয়মান তাৰকা ।
দীপক যাদৱৰ আছিল অনুজ্ঞাপত্ৰ থকা ৰিভলভাৰ , সেই ৰিভলভাৰেৰে হত্যা কৰে কন্যা ৰাধিকাক । ইনষ্টাগ্ৰাম ৰীলত অধিক মগ্ন হৈ পৰাত খঙত অগ্নিশৰ্মা হৈ ৫ টা গুলীৰে গুলীয়াই হত্যা সংঘটিত কৰে ।
আৰক্ষী বিষয়াই জনোৱা মতে , ৪৯ বছৰীয়া পিতৃ দীপক যাদৱে পাঁচটা গুলীৰ গুলীবিদ্ধ কৰে কন্যাক । দীপক যাদৱৰ বিৰুদ্ধে হত্যাৰ অভিযোগ উত্থাপন হৈছে আৰু আৰক্ষীয়ে ইতিমধ্যে তেওঁক গ্ৰেপ্তাৰ কৰিছে ।
বিষয়াসকলে লগতে কয় যে অপৰাধ সংঘটিত হোৱাৰ সময়ত মাতৃগৰাকী তলৰ মহলাত আছিল। ছেক্টৰ ৫৬ থানাৰ SHO ইন্সপেক্টৰ বিনোদ কুমাৰে কয় যে তদন্ত প্ৰক্ৰিয়া অব্যাহত আছে । পৰিয়ালৰ লোককো জেৰা কৰা হৈছে ।