Braking

ৰাজ্যবাসীলৈ সুখবৰ অসম কেবিনেটৰ বৃহৎ সিদ্ধান্ত

কালি কেবিনেটত গ্ৰহণ কৰা হয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত । ব্যক্তিগত নাৰ্ছিং হোমক লৈ কেবিনেটত কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ।

এতিয়াৰ পৰা ৪ ঘণ্টাতকৈ অধিক সময় ৰাখি থব নোৱাৰিব মৃতদেহ । নাৰ্ছিং হোমে টকা নিদিয়া বুলি কৈ মৃতদেহ ৰাখি থলে গ্ৰহণ কৰা হব আইনী ব্যৱস্থা । যদি কোনো নাৰ্ছিং হোমে ৪ ঘণ্টাতকৈ অধিক সময় মৃতদেহ ৰাখিলে মৃতকৰ আত্মীয়ই আৰক্ষী তথা ১০৪ ৰ সহায় ল’ব পাৰিব । মৃতদেহ লৈ ব্যৱসায় কৰিব নোৱাৰিব ব্যক্তিগত হাস্পতাল কর্তৃপক্ষই । এনে কৰিলে ৩ মাহৰ পৰা ৬ মাহলৈ বাতিল হ’ব অনুজ্ঞাপত্র । অথবা ৫ লাখ টকা জৰিমনা ভৰিব লাগিব । এই ভুলৰ পুনৰাবৃত্তি কৰিলে নাৰ্ছিং হোম বন্ধ কৰি দিয়াৰ ব্যৱস্থা লোৱা হ’ব ।

অংগনৱাড়ী কৰ্মচাৰীসকলৰ বাবে ভাল খবৰ ।

দৰমহা ৬,০০০ টকাৰ পৰা ৮,০০০ টকালৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা হয়। লগতে অংগনৱাড়ী সহায়িকাসকলৰো দৰমহা ৭০০ টকা বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

কেবিনেটত আন গুৰুত্বপূৰ্ণ সিদ্ধান্ত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ । হোজাইত অৱস্থিত
নতুন বিশ্ববিদ্যালয়খনৰ নাম সলনি কৰা হব । বিশ্ববিদ্যালয়খনৰ নাম সলনি কৰি ৰবীন্দ্ৰ নাথ ঠাকুৰ বিশ্ববিদ্যালয় হ’ব বুলি সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

‘গজ মিত্ৰ আঁচনি’তো অনুমোদনৰ সিদ্ধান্ত কেবিনেটৰ । ‘মিছন বসুন্ধৰা’ৰ অধীনত ৩,০০০তকৈ অধিক মন্দিৰ, নামঘৰক মাটিৰ পট্টা প্ৰদানত অনুমোদন কেবিনেটৰ ।

Leave a Reply