শেহতীয়াকৈ লোকেন্দ্ৰ সিং এটি ল’ৰা সন্তানৰ পিতৃ হৈছিল । সদ্যজাত শিশুটোৰ সৈতে সময় কটাবলৈ নাপালে পিতৃয়ে…. কেৰিয়াৰ আৰম্ভ হোৱাৰ আগতেই সকলো শেষ হৈ গ’ল…. শিশুটোৰ সৈতে সময় কটাবলৈ নাপালে পিতৃয়ে । আনহাতে ঋষি ৰাজৰ সিঙৰ ঘৰ ৰাজস্থানৰ পালিত । ঋষি ৰাজ সিং আছিল তেওঁৰ পৰিয়ালৰ ডাঙৰ পুত্ৰ । কেৰিয়াৰ আৰম্ভ হোৱাৰ আগতেই সকলো শেষ হৈ গ’ল….
ভয়াৱহ বিমান দুৰ্ঘটনা । ১০ জুলাইত ৰাজস্থানত সংঘটিত হৈছিল এক বিমান দুৰ্ঘটনা । ৰাজস্থানৰ চুৰু জিলাত দৈনিক প্ৰশিক্ষণ মিছনৰ সময়তে সংঘটিত হয় দুৰ্ঘটনাটো । দিনৰ প্ৰায় ১.২৫ বজাত ভানোডা গাঁৱৰ কৃষি পথাৰত দুৰ্ঘটনাগ্ৰস্ত হয় জেগৱাৰ যুদ্ধ বিমানখন । ভাৰতীয় বায়ু সেনাৰ প্ৰশিক্ষণৰত জেগুৱাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱাত মৃত্যু দুজন পাইলটৰ । মাৰ্চ মাহৰ পিছত এই ঘটনাটোৱেই আছিল তৃতীয়টো জেগুৱাৰ বিমান দুৰ্ঘটনা ।
পাইলট দুজনৰ নাম স্কোয়াড্ৰন লিডাৰ লোকেন্দ্ৰ সিং সিন্ধু (৪৪) আৰু ফ্লাইট লেফটেনেণ্ট ঋষি ৰাজ সিং (২৩) । স্কোয়াড্ৰন নেতা সিন্ধু হাৰিয়ানাৰ ৰোহটকৰ বাসিন্দা ।
বিধিৰ কি লিখন ! শেহতীয়াকৈ লোকেন্দ্ৰ সিং এটি ল’ৰা সন্তানৰ পিতৃ হৈছিল । আকৌ ঋষি ৰাজৰ সিঙৰ ঘৰ ৰাজস্থানৰ পালিত ঋষি ৰাজ সিং আছিল তেওঁৰ পৰিয়ালৰ ডাঙৰ পুত্ৰ । ঘটনাটোত কোনো অসামৰিক সম্পত্তিৰ কোনো ক্ষতিৰ খবৰ পোৱা নাই । IAF য়ে পাইলট দুজনৰ মৃত্যুত শোক প্ৰকাশ কৰে । লগতে জনাই যে দুৰ্ঘটনাৰ কাৰণ জানিবলৈ এখন তদন্ত আদালত গঠন কৰা হৈছে ।