কৰাচীৰ ইত্তেহাদ কমাৰ্চিয়েল এলেকাৰ এপাৰ্টমেণ্টত মৃত অৱস্থাত উদ্ধাৰ এগৰাকী অভিনেত্ৰীৰ মৃতদেহ । অভিনেত্ৰী তথা মডেলগৰাকীৰ নাম হুমাইৰা আছঘৰ আলী ।
যোৱা সাত বছৰ ধৰি ডিফেন্স হাউছিং ছ’চাইটিৰ এটা এপাৰ্টমেণ্টত অকলশৰে বাস কৰিছিল অভিনেত্ৰগৰাকীয়ে । জিঅ’ টিভিৰ মতে , তেওঁৰ এপাৰ্টমেণ্টৰ পৰা নিৰ্গত হোৱা প্ৰবল , অপ্ৰীতিকৰ গোন্ধ বিয়পি পৰাৰ পিছত চুবুৰীয়াই আতংকিত হৈ খবৰ দিয়ে আৰক্ষীক । যেতিয়া দুৱাৰত বাৰে বাৰে টোকৰ মৰাৰ পিছতো কোনো উত্তৰ নাপায় , তেতিয়া আৰক্ষীয়ে তলা ভাঙি এপাৰ্টমেণ্টটোত প্ৰৱেশ কৰে , য’ত তেওঁলোকে পচি যোৱা মৃতদেহটো উদ্ধাৰ কৰে । তৎক্ষণাত তেওঁৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে জিন্না স্নাতকোত্তৰ চিকিৎসা কেন্দ্ৰলৈ প্ৰেৰণ কৰে । উল্লেখ্য যে চলিত বৰ্ষৰ আৰম্ভণিতে ভাড়া দিয়া বন্ধ হৈছিল । বাৰে বাৰে ঘৰৰ মালিকে তাইৰ ওচৰলৈ যোৱাত ব্যৰ্থ হোৱাত ঘৰৰ মালিকে উচ্ছেদৰ বাবে আইনী ব্যৱস্থা বিচাৰিছিল ।
মৃতদেহ উদ্ধাৰৰ সময়ত তাইৰ শৰীৰৰ একেবাৰে অৱনতি ঘটিছিল । মুখৰ পেশীবোৰ , আঙুলি আৰু নখ হাড়লৈ পৰিণত হৈছিল । খবৰ অনুসৰি হাড়বোৰ স্পৰ্শ কৰিলেই ছিন্নভিন্ন হ’বলৈ ধৰিছিল । প্ৰতিবেদনত লগতে কোৱা হৈছে যে তাইৰ অভ্যন্তৰীণ অংগবোৰ ক’লা ৰঙলৈ ৰূপান্তৰিত হৈছে আৰু অটোলাইছিছৰ বাবে মগজুৰ পদাৰ্থ সম্পূৰ্ণৰূপে পচি গৈছে। গাঁঠিবোৰৰ কাৰ্টিলেজ নোহোৱা হৈ গৈছিল যদিও হাড়ৰ কোনো ভাঙন পোৱা নগ’ল । মূৰ আৰু মেৰুদণ্ড অক্ষত অৱস্থাত আছিল । বিশেষকৈ চুলিত বাদামী ৰঙৰ পোক-পৰুৱা ধৰা বুলি জানিব পৰা গৈছে ।
প্ৰথম অৱস্থাত আৰক্ষীয়ে জনোৱা মতে তেওঁৰ পৰিয়ালে মৃতদেহটো নিবলৈ অস্বীকাৰ কৰিছিল । দক্ষিণ মণ্ডলৰ DIG আছাদ ৰেজাই কয় যে তেওঁৰ পৰিয়ালৰ সদস্যসকলে মৃতদেহৰ গৰাকী হ’বলৈ বা মৃতদেহটো সমাধিস্থ কৰিবলৈ লৈ যাবলৈ স্পষ্টভাৱে অস্বীকাৰ কৰিছিল । তেওঁ কয় যে এই গোচৰটোৱে অস্বাভাৱিক পৰিৱেশৰ সৃষ্টি কৰিছিল । বিশেষকৈ যিহেতু তেওঁৰ মৃত্যু ইমান দিন পৰ্যন্ত জানিব পৰা নগৈছিল , কোনো চুবুৰীয়াই কোনো ধৰণৰ উদ্বেগ প্ৰকাশ কৰা যেন অনুভৱ নহল । পিছত জিঅ’ নিউজৰ বাতৰি অনুসৰি নিশ্চিত কৰে যে তেওঁৰ পৰিয়ালে বৃহস্পতিবাৰে মৃতদেহটো এম্বুলেন্সেৰে লাহোৰলৈ লৈ যায় ।
পাকিস্তানী অভিনেত্ৰী-মডেল হুমাইৰা আছঘৰ আলীয়ে ২০২৪ চনৰ ছেপ্টেম্বৰ মাহত শেষবাৰৰ বাবে ইনষ্টাগ্ৰামত পোষ্ট কৰিছিল আৰু আচৰিত কথাটো হ’ল এতিয়ালৈকে অৰ্থাৎ ৯ মাহৰ পাছতো কোনেও লক্ষ্য কৰা নাছিল । হুমাইৰা আছিল সক্ৰিয় ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰী আৰু ২০২৪ চনৰ ছেপ্টেম্বৰৰ আগৰ তেওঁৰ ইনষ্টাগ্ৰাম প্ৰফাইলত দেখা গৈছে যে তেওঁ সঘনাই পোষ্ট কৰিছিল । তথাপিও তাইৰ হঠাৎ নিৰুদ্দেশ হোৱাত কোনেও প্ৰশ্ন উত্থাপন কৰা নাছিল । হুমাইৰাই কেইবাখনো টেলিভিছন ধাৰাবাহিক আৰু দুখন ছবিত অভিনয় কৰিছিল । এ আৰ ৱাইৰ ৰিয়েলিটি শ্ব’ ‘তামাছা ঘৰ’ আৰু ২০১৫ চনৰ ছবি ‘জলাইবী’ৰ বাবে পৰিচিত আছিল পাকিস্তানী অভিনেত্ৰী হুমাইৰা আছঘৰ আলী (৩২) ।