ম্যানমাৰস্থিত সংযুক্ত মুক্ত বাহিনী অসম শিবিৰত সেনাৰ আক্ৰমণ । আলফা (স্বাধীন) ৰ ৪টা শিবিৰত ড্ৰোনেৰে ভয়ংকৰ আক্ৰমণ চলাই ভাৰতীয় সেনাই ।
১০০খন ড্ৰোনেৰে ১৫০টা বোমা নিক্ষেপ কৰি ভাৰতীয় সেনাৰ এই আক্ৰমণ । খবৰ অনুসৰি আক্ৰমণত নিহত আলফা নেতা নয়ন অসম লগতে কেইবাজনো আলফা(স্বাঃ)ৰ সদস্য আহত হৈছে । পৰৱৰ্তী সময়ত আলফা(স্বাঃ) ৰ ওপৰত পুনৰ ভয়ংকৰ আক্রমণ চলাই ভাৰতীয় সেনাই । ড্ৰোণ আক্ৰমণৰ পিছত পুনৰ বাৰ মিছাইল নিক্ষেপ কৰে ভাৰতীয় সেনাই । ভাৰতীয় সেনাৰ দ্বিতীয়টো আক্ৰমণত নিহত হয় ব্রিগেডিয়াৰ গণেশ আৰু কৰ্ণেল প্রদীপ অসম লগতে আহত সাধাৰণ নাগৰিক ।
ভাৰতীয় সেনাই দেওবাৰে পুৱতি নিশা ম্যানমাৰৰ সাগাইং অঞ্চলত অৱস্থিত ইউনাইটেড লিবাৰেশ্যন ফ্ৰণ্ট অৱ আচাম- আলফা স্বাধীন আৰু নেশ্যনেল ছ’চিয়েলিষ্ট কাউন্সিল অৱ নাগালেণ্ড-খাপ্লাং ৰ অন্তৰ্গত বিদ্ৰোহী শিবিৰত ধাৰাবাহিকভাৱে ড্ৰ’ন আক্ৰমণ চলাইছিল । চোৰাংচোৱা সূত্ৰৰ মতে, এশৰো অধিক মানৱবিহীন বিমানে আক্ৰমণ কৰে । ম্যানমাৰৰ সেনাবাহিনীৰ সমন্বয়ত এই অভিযান চলোৱা বুলি অনুমান কৰা হৈছে ।
এই অভিযানৰ প্ৰধান লক্ষ্য আছিল ৱাকথাম বস্তিত অৱস্থিত আলফা-আইৰ ৭৭৯ কেম্প। সূত্ৰসমূহে দাবী কৰা মতে, ড্ৰ’ন আক্ৰমণৰ সময়ত শিবিৰটোত সংগঠনটোৰ পাঁচজন কেডাৰ উপস্থিত আছিল । অৱশ্যে এই বিশেষ স্থানৰ পৰা কোনো লোক আহত বা মৃত্যু হোৱা বুলি নিশ্চিত হোৱা নাই।
ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰালয় বা ম্যানমাৰ কৰ্তৃপক্ষই এতিয়ালৈকে এই আক্ৰমণ সন্দৰ্ভত কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা নাই। আলফা (স্বা:) ৰ শিবিৰত আক্ৰমণ সম্পৰ্কে মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমৰ আগত স্পষ্টীকৰণ দিয়ে যে
এই আক্ৰমণৰ সৈতে অসম আৰক্ষী জড়িত নহয় । অসমৰ পৰা চলোৱা নাই এই আক্ৰমণ ।