Braking

কালভাৰ্ট নে মৰণফাণ্ড ?

কালভাৰ্ট নে মৰণফাণ্ড?

হাজোৰ মিলপাৰা-বৰ্ণি সংযোগী পথত বিপদ সংকুল যাতায়ত । হাজোৰ মিলপাৰা বৰ্ণি সংযোগী পথৰ কালভাৰ্টত সৃষ্টি হৈছে এই মৰণফাণ্ডৰ । কিন্তু কাণসাৰ নাই বিভাগীয় কৰ্তিপক্ষৰ । হাজো উন্নয়ন খণ্ডৰ অধীনস্থ মিলপাৰা–বৰ্ণি সংযোগী পথৰ ৰতনপুৰস্থিত জৰাজীৰ্ণ কালভাৰ্টটো স্থানীয় ৰাইজৰ বাবে এতিয়া মৰণফাণ্ডলৈ পৰিণত হৈছে ।

জমৰ যাতনা ভুগিব লগীয়া হৈছে পথচাৰীয়ে ।স্থানীয় ৰাইজে উত্থাপন কৰা অভিযোগ অনুসৰি কালভাৰ্টটোৱে এনে দুৰৱস্থাৰ সৃষ্টি কৰিছে যে  গধুৰ বাহন চলাচল কৰাটো অসম্ভৱ হৈ পৰিছে । ইফালে দুচকীয়া/তিনিচকীয়া বাহন পাৰ কৰিবলৈ হলেও লগত কঢ়িয়াব লাগিব তক্তা ।স্কুলীয়া ছাত্ৰ ছাত্ৰী সকলে বিপদ সংকুল ভাবে পাৰ কৰিব লাগে পথছোৱা । গৰ্ভৱতী মহিলাক চিকিৎসালয়লৈ নিব লগীয়া হলে (১০৮) জৰুৰী সেৱাৰ বাহনৰ ওচৰলৈ কোলাত দাঙি নিব লগা পৰিস্থিতিৰ সম্মুখীন হৈছে । প্ৰায় ২বছৰ পৰ্য্যন্ত জৰাজীৰ্ণ হৈ আছে পথৰ পৰত নিৰ্মিত কালভাৰ্টটো ।সকলো সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি পথৰ ওপৰত থকা মৰণফাণ্ড সদৃশ কালভাৰ্টটোৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰাৰ দাবী স্থানীয় ৰাইজৰ । লগতে পথটো ওখ কৰিবলৈ দাবী জনাই স্থানীয় ৰাইজ ।।কালভাৰ্ট নে মৰণফাণ্ড?

হাজোৰ মিলপাৰা-বৰ্ণি সংযোগী পথত বিপদ সংকুল যাতায়ত । হাজোৰ মিলপাৰা বৰ্ণি সংযোগী পথৰ কালভাৰ্টত সৃষ্টি হৈছে এই মৰণফাণ্ডৰ । কিন্তু কাণসাৰ নাই বিভাগীয় কৰ্তিপক্ষৰ । হাজো উন্নয়ন খণ্ডৰ অধীনস্থ মিলপাৰা–বৰ্ণি সংযোগী পথৰ ৰতনপুৰস্থিত জৰাজীৰ্ণ কালভাৰ্টটো স্থানীয় ৰাইজৰ বাবে এতিয়া মৰণফাণ্ডলৈ পৰিণত হৈছে ।জমৰ যাতনা ভুগিব লগীয়া হৈছে পথচাৰীয়ে ।স্থানীয় ৰাইজে উত্থাপন কৰা অভিযোগ অনুসৰি কালভাৰ্টটোৱে এনে দুৰৱস্থাৰ সৃষ্টি কৰিছে যে  গধুৰ বাহন চলাচল কৰাটো অসম্ভৱ হৈ পৰিছে । ইফালে দুচকীয়া/তিনিচকীয়া বাহন পাৰ কৰিবলৈ হলেও লগত কঢ়িয়াব লাগিব তক্তা ।

স্কুলীয়া ছাত্ৰ ছাত্ৰী সকলে বিপদ সংকুল ভাবে পাৰ কৰিব লাগে পথছোৱা । গৰ্ভৱতী মহিলাক চিকিৎসালয়লৈ নিব লগীয়া হলে (১০৮) জৰুৰী সেৱাৰ বাহনৰ ওচৰলৈ কোলাত দাঙি নিব লগা পৰিস্থিতিৰ সম্মুখীন হৈছে । প্ৰায় ২বছৰ পৰ্য্যন্ত জৰাজীৰ্ণ হৈ আছে পথৰ পৰত নিৰ্মিত কালভাৰ্টটো ।

সকলো সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি পথৰ ওপৰত থকা মৰণফাণ্ড সদৃশ কালভাৰ্টটোৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰাৰ দাবী স্থানীয় ৰাইজৰ । লগতে পথটো ওখ কৰিবলৈ দাবী জনাই স্থানীয় ৰাইজ ।

Leave a Reply