ক্লাৱ NIRVANA ত আৰক্ষীয়ে সকলো লোকৰে প্ৰৱেশ নিষিদ্ধ কৰি চলালে অভিযান।
বৰ্তমান পৰ্য্যন্ত আৰক্ষীয়ে অভিযানৰ কাৰণ সদৰী কৰা নাই যদিও ক্লাৱটোত বৃহৎ জুৱাৰ আদ্দা চলিছিল বুলি জানিব পৰা গৈছে।
ইয়াৰ পূৰ্বতে ক্লাৱ NIRVANA আইপিএল জুৱা সন্দৰ্ভত চলিছিল আৰক্ষীৰ অভিযান।
আইজলৰ চাৰিজন লোকক এই ঘটনা সন্দৰ্ভত আটক কৰিছে আৰক্ষীয়ে ।
আটক হোৱা চাৰিওজনৰ পৰা জুৱাত ব্যবহৃত বৃহৎ পৰিমাণৰ কেচিন’ কাৰ্ড জব্দ কৰিছে
আটক হোৱা কেইজন ক্ৰমে – লালচানহিমা চাইলো, লালফাকাৱামা ৰালতে, লালৰিং হেটা, যোছেফ লালপাৰমাৱে ।
আটাইকেজনৰ ঘৰ মিজোৰামৰ আইজলত ।
বিগত দুই তিনিদিন ধৰি জুৱাৰীৰ গেংটোৱে জুৱাৰ আড্ডা চলাইছিল ক্লাৱ NIRVANA ত ।
বহুকোটি টকাৰ জুৱাৰ আড্ডা চলাৰ তথ্য লাভ আৰক্ষীৰ ।
অধিক তথ্যৰ বাবে সোণাপুৰ আৰক্ষীয়ে সোধ-পোচ অব্যাহত ৰাখিছে।