২০১২ চনৰ এটা দুৰ্ঘটনাত
হেৰুৱাইছিল এখন ভৰি….
প্ৰতিবন্ধকতাক নেউচি এজন সফল যুৱক । প্ৰতিবন্ধকতা সফলতাৰ পথত হেঙাৰ হব নোৱাৰে । বিশেষভাৱে সক্ষম যুৱক পেৰা চাইক্লিষ্ট ৰাকেশ বণিকে শেহতীয়াকৈ সম্পূৰ্ণ কৰে । ‘ভল্গাৰ পৰা ব্ৰহ্মপুত্ৰলৈ’ চাইকেল যাত্ৰা । প্ৰায় ৭ হাজাৰ কিঃমিঃ যাত্ৰা সম্পূৰ্ণ কৰি উপস্থিত হৈছে নিজ ৰাজ্যত । এপ্ৰিল মাহতেই আৰম্ভ হৈছিল এই যাত্ৰা । নেহেৰু ষ্টেডিয়ামত উষ্ম আদৰণি জনোৱা হয় পেৰা চাইক্লিষ্ট জনক ।
এজন সাহসী যুৱক তেওঁৰ নাম ৰাকেশ বানিক , এজন অসমীয়া পেৰা চাইক্লিষ্ট । সৰ্বভাৰতীয় পৰ্যায়ত পেৰা চাইক্লিষ্ট ৰূপে এক নাম আছে ৰাকেশৰ । ২০১৫ চনৰ পৰা চাইকেল চলাই আহিছে ৰাকেশে । ২০১২ চনৰ জুন মাহত হোৱা এক দুৰ্ঘটনাত মাত্ৰ ২৭ বছৰ বয়সত ৰাকেশ বানিকে হেৰুৱাইছিল এখন ভৰি , সেই সময়ত বিছনাত অকলশৰে পৰি আছিল , কাষত নাছিল কোনো আত্মীয় । পৰিস্থিতিয়ে ৰাকেশৰ সপোনক ভেঙুচালি কৰিছিল কিন্তু চৰম প্ৰত্যাহ্বানৰ মাজতো হাৰ মনা নাছিল ৰাকেশে ।
আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ ৰাকেশৰ কৃত্ৰিম ভৰি এখন সংস্থাপন কৰাটো অসম্ভৱ আছিল।আমিনগাঁৱৰ এটা অনুষ্ঠানে বিনামূলীয়াকৈ তেওঁক এটি কৃত্ৰিম ভৰি প্ৰদান কৰে । ভৰিখন সংস্থাপন কৰাৰ পাছতে তেওঁ থিৰ কৰিলে যে তেওঁ চাইকেল চলাব। তেওঁৰ আত্মবিশ্বাস আৰু অদম্য মনোভাৱে সপোন পূৰণ কৰা আৰু সকলো প্ৰত্যাহ্বানসমূৰ সম্মুখীন হবলৈ সাহস দিছিল ।
বিভিন্ন দিশত সামাজিক-সচেতনতা বৃদ্ধিৰ বাবে তেওঁ চাইকেল চলাইছে। তাৰ ভিতৰত এশিঙীয়া গঁড় নিধনৰ বিৰোধিতাৰে জনসচেনতা বৃদ্ধিৰ বাবে বেংককৰপৰা অসমলৈ কৰা তেওঁৰ তিনি হাজাৰ পাঁচশ কিলোমিটাৰৰ যাত্ৰা আছিল অন্যতম । এই যাত্ৰাটোত তেওঁ চাইকেলেৰে পৃথিৱীৰ বত্ৰিশখন মহানগৰ অতিক্ৰম কৰিছিল।২০১৬ চনত অসমৰ বান পীড়িত সকলৰ বাবে কেন্দ্ৰীয় চৰকাৰৰপৰা অৰ্থ সাহায্যৰ দাবীৰে বণিকে দিল্লীৰ ইণ্ডিয়া গেটলৈকে চাইকেল যাত্ৰা কৰিছিল। খাৰডুংগলাৰ পাহাৰৰ শৃংগত অসমীয়া গামোচা এখন উৰুৱাই । এই উচ্চতম পথ আৰোহণ কৰা উত্তৰ-পূৱৰ তেৱেঁই প্ৰথম চাইকেল আৰোহী ।
২০১৭ চনত অসম ক্ৰীড়া বঁটা , ২০১৯-২০ চনৰ ৰাষ্ট্ৰীয় ক্ৰীড়াত সোণ আৰু ৰূপৰ পদক লাভ ৰাকেশৰ । ২০২০ চনৰ ২৬ ডিচেম্বৰত আৰোহন ফাউণ্ডেচনৰ তৰফৰ পৰা প্ৰদান কৰা আৰোহণ অসম গৌৰৱ বঁটা লাভ । ২০১৯ চনত অসম চৰকাৰৰ দ্বাৰা আয়োজিত পেৰা অলিম্পিকৰ দিব্যাংগ মেলাত যোগদান আৰু পদক লাভ কৰিছিল ৰাকেশে ।নিজৰ নিষ্ঠা আৰু কঠোৰ পৰিশ্ৰমেৰে শাৰীৰিক প্ৰত্যাহ্বানৰ মাজতো জিলিকিবলৈ সক্ষম হৈছে ৰাকেশ । নিজৰ সপোনক বাস্তৱ ৰূপ দিব খোজা সকলৰ বাবে অনুপ্ৰেৰণাৰ প্ৰতীক ৰাকেশ ।