Braking

ভতিজাকৰ ছুৰীৰ আঘাতত প্ৰাণ গ’ল খুৰাকৰ

মহানগৰীত ইটোৰ পিছত সিটো অপৰাধজনিত ঘটনা । হেঙেৰাবাৰীত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা ।

ভতিজাকৰ ছুৰীৰ আঘাতত মৃত্যু অনিল ডেকাৰ । নিশা জিলা আয়ুক্তৰ কাৰ্য্যালয়ৰ সমীপত সংঘটিত হয় এই ভয়ংকৰ হত্যাকাণ্ড । নিহত লোকজন হেঙেৰাবাৰীৰ লিচুবাগানৰ বাসিন্দা ।সত্য নাৰায়ণ পূজাৰ বাবে যাৱতীয় সামগ্ৰী বজাৰ কৰিবলৈ সন্ধিয়া সৰু পুত্ৰৰ সৈতে গণেশগুৰিলৈ আহিছিল অনিল দেৱ । বজাৰলৈ আহি থাকোঁতে ছুৰীৰে উপর্যুপৰি আক্ৰমণ কৰে অনিল ডেকাক । দিছপুৰ হস্পিটেলত মৃত্যু হয় লোকজনৰ । ঘটনাস্থলীত অভিযুক্ত দেৱ ডেকাৰ চাল চলন দেখি সন্দেহ উপজে আৰক্ষীৰ আৰু আটক কৰে
অভিযুক্ত দেৱ ডেকাক ।

আৰক্ষীয়ে কৰা জেৰাত উন্মোচিত হৈছে ভয়ংকৰ তথ্য । জানিব পৰা মতে মাটি- বাৰীৰ কাজিয়াৰ বাবে খুৰাকৰ প্ৰাণ ল’লে ভতিজাকে । ১০ বছৰ ধৰি খুড়াকৰ পৰিয়ালৰে সম্পর্ক নাছিল হত্যাকাৰী দেৱৰ । উল্লেখ্য যে বৃহস্পতিবাৰে অংকুৰ পাটোৱাৰী নামৰ আন এজন যুৱকক গ্ৰেপ্তাৰ কৰে দিছপুৰ আৰক্ষীয়ে । ভতিজাক দেৱ ডেকাই অভিযুক্ত অংকুৰৰ সৈতে লগ লাগি খুৰাক অনিল ডেকাক হত্যা কৰে । অংকুৰ আছিল দেৱ ডেকাৰ ঘৰৰ এজন ভাৰাতীয়া ।

হত্যাকাৰী দেৱ ডেকা এখন বিদ্যালয়ৰ স্বত্বাধিকাৰী । ভূমি বিবাদক কেন্দ্ৰ কৰিয়েই সংঘটিত হয় সমগ্ৰ কাণ্ড ।এতিয়াও অব্যাহত আছে আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়া । তদন্তৰ পিছতহে পোহৰলৈ আহিব প্ৰকৃত ৰহস্য ।

Leave a Reply