DRDO ৰ এই বৃহৎ প্ৰজেক্টৰ নাম হৈছে “প্ৰজেক্ট বিষ্ণু”
প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাই ভাৰতৰ ক্ষেপণাস্ত্ৰ শক্তিক নতুন শিখৰলৈ লৈ যোৱাৰ প্ৰস্তুতি আৰম্ভ কৰিছে।
DRDO য়ে জনোৱা অনুসৰি –
এইটোৱেই হ’ব ভাৰতৰ আটাইতকৈ উন্নত হাইপাৰছ’নিক মিছাইল প্ৰযুক্তি।
এই বিশেষ প্ৰকল্পৰ অধীনত DRDO ই একেলগে ১২টা ভিন্ন ধৰণৰ হাইপাৰছ’নিক মিছাইল নিৰ্মাণ কৰি আছে।
নিৰ্মাণ হৈ থকা এই ক্ষেপণাস্ত্ৰসমূহৰ গতি হ’ব প্ৰতি ঘণ্টাত প্ৰায় ১১ হাজাৰ কিলোমিটাৰ।
ভাৰতে প্ৰজেক্ট বিষ্ণুৰ জৰিয়তে আক্ৰমণাত্মক ক্ষেপণাস্ত্ৰ নিৰ্মাণ কৰাই নহয়, ইয়াৰ তলত এটা ইন্টাৰচেপ্টৰ মিছাইল ব্যৱস্থাও নিৰ্মাণ কৰা হ’ব।
ইয়াৰ লগতে ভাৰতে আন কেইবাটাও ক্ষেপণাস্ত্ৰ নিৰ্মাণৰ কাম ইতিমধ্যে আৰম্ভ কৰিছে।
এই ক্ষেপণাস্ত্ৰসমূহত উন্নত নেভিগেচন আৰু নিয়ন্ত্ৰণ ব্যৱস্থা থাকিব।
অৰ্থাৎ ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰাৰ পিছতো ইয়াৰ লক্ষ্য মাজভাগত সলনি কৰিব পৰা যাব।
আনহাতে এই ক্ষেপণাস্ত্ৰসমূহ বন্ধ কৰাটো শত্ৰুৰ বাবে প্ৰায় অসম্ভৱ হৈ পৰিব লগতে এই ক্ষেপণাস্ত্ৰসমূহৰ ৰেঞ্জ প্ৰায় ২০০০ কিলোমিটাৰ হ’ব।
MORE………..
-
আজি ভাৰতীয় জনতা পাৰ্টীত বৃহৎ যোগদান বহু সদস্যৰ
ভাৰতীয় জনতা পাৰ্টিৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ আজি ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশ কাৰ্যালয়ত অসমৰ বিভিন্ন ক্ষেত্ৰৰ ভালে কেইগৰাকী ব্যক্তিয়ে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে ৷ সভাপতি দিলীপ শইকীয়াৰ উপস্থিতিত এই যোগদান কাৰ্য্যসূচী অনুষ্ঠিত হয় ৷ প্ৰাক্তন আলফা নেতা দৃষ্টি ৰাজখোৱা, আপৰ নেতা মনোজ ধানোৱাৰ , অমল পাটোৱাৰী , অভিনেতা ৰাজকুমাৰ ওৰফে তৃদীৱ তালুকদাৰ…
-
ভতিজাকৰ ছুৰীৰ আঘাতত প্ৰাণ গ’ল খুৰাকৰ
মহানগৰীত ইটোৰ পিছত সিটো অপৰাধজনিত ঘটনা । হেঙেৰাবাৰীত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা । ভতিজাকৰ ছুৰীৰ আঘাতত মৃত্যু অনিল ডেকাৰ । নিশা জিলা আয়ুক্তৰ কাৰ্য্যালয়ৰ সমীপত সংঘটিত হয় এই ভয়ংকৰ হত্যাকাণ্ড । নিহত লোকজন হেঙেৰাবাৰীৰ লিচুবাগানৰ বাসিন্দা ।সত্য নাৰায়ণ পূজাৰ বাবে যাৱতীয় সামগ্ৰী বজাৰ কৰিবলৈ সন্ধিয়া সৰু পুত্ৰৰ সৈতে গণেশগুৰিলৈ আহিছিল অনিল দেৱ । বজাৰলৈ আহি…
-
পুনৰ পৰকীয়া প্ৰেমৰ বাবেই হত্যা কৰিলে পত্নীক চাৰি-পাঁচবাৰকৈ পলাই যোৱা পত্নীক লৈ অতিষ্ঠ স্বামীৰ এই কাণ্ড
পুনৰ পৰকীয়া প্ৰেমৰ বাবেই হত্যা কৰিলে পত্নীক । চাৰি-পাঁচবাৰকৈ পলাই যোৱা পত্নীক লৈ অতিষ্ঠ হৈ স্বামীয়ে সংঘটিত কৰিলে এই আমানবীয় কাণ্ড । ‘মোৰ নহ’ল যেতিয়া মই কাৰো হ’বলৈ নিদিওঁ ‘ এই ভাষ্য অভিযুক্ত ডিম্বেশ্বৰৰ ।নগাঁও কঠিয়াতলিত পত্নীক নৃশংসভাৱে হত্যা কৰি পলায়ন স্বামীৰ । ঘৰৰ ভিতৰতে পত্নীক হত্যা কৰিলে ডিম্বেশ্বৰ গগৈ নামৰ লোকজনে । নিহত মহিলাগৰাকীৰ…