দেশে দেশে জেন- জিৰ আন্দোলন


  
লেখক- চন্দন কুমাৰ দুৱৰা

সাম্প্ৰতিক কালত এছিয়াৰ বিভিন্ন দেশত সংঘটিত হৈছে জেন জিৰ বিপৱ। শেহতীয়াকৈ জেন জি তথা তৰুন-তৰুণীসকলৰ বিদ্ৰোহত কঁপি উঠিল আফ্ৰিকাৰ দ্বীপৰাষ্ট্ৰ মাদাগাস্কাৰ। বিদ্যুৎ আৰু জল সংকটৰ সমসাৰ বিৰুদ্ধে জেন-জিৰ নেতৃত্বত বিক্ষোভ আৰম্ভ হয়। এই অৱস্থাত বিপদ সমুখত বুলি জানিব পাৰি  গোপনে দেশ এৰিব বিচাৰে ৰাষ্ট্ৰপতিয়ে । আণ্ড্ৰে  ৰেজোয়েলিনাৰ লগতে দেশবাসী ক্ষুব্ধ হৈ পৰিছিল প্রধানমন্ত্রী ক্রিশ্চিয়ান এনৎসে আৰু তেওঁৰ ঘনিষ্ঠ ধনকুবেৰ মায়মি ৰাভাতোমাঙ্গাৰ বিৰুদ্ধেও। চৰকাৰৰ দুর্নীতি, অব্যবস্থাপনা আৰু মৌলিক পৰিসেৱাৰ অভাবৰ বিৰুদ্ধে হোৱা বিক্ষোভ-প্ৰতিবাদে অতি দ্রুতভাৱে  বৃহত্তৰ আন্দোলনৰ ৰূপ লয়। বিক্ষোভ দমন কৰিবলৈ সেনাবাহিনীক মোতায়েন কৰা হয় যদিও সেনাবাহিনীয়ে বিক্ষোভকাৰীৰ পক্ষ লয় । বিক্ষোভ প্ৰতিবাদত সেও মানি  ৰাষ্ট্ৰপতি আন্দ্রি ৰেজোয়েলিনাই পদত্যাগ কৰে । চৰকাৰক বৰ্খাস্ত কৰা হয়। সেনাবাহিনীয়ে ক্ষমতা গ্রহণ কৰে আৰু কৰ্ণেল মাইকেল ৰাণ্ড্ৰিয়ানিরিনা নতুন ৰাষ্ট্ৰপতি হিচাবে শপত লয়।

যোৱা বছৰৰ আগস্ট-ছেপ্টেম্বৰ মাহৰ এই আন্দোলনত ইণ্ডোনেছিয়াত ৰাষ্ট্ৰপতি প্রাবোও ছুবিয়ান্তোক ‘দুর্নীতিগ্রস্ত অভিজাত শ্রেণীৰ প্রতিনিধি’ বুলি তেওঁৰ পদত্যাগ দাবী কৰে বিক্ষোভকাৰীসকলে। আনহাতে এছিয়াৰ আন এখন দেশ, ইণ্ডোনেছিয়াত শিক্ষার্থীসকলে চৰকাৰৰ এবছৰ পূর্তি উপলক্ষে ‘ৱান ইয়েৰ ইজ এনাফ’ (এটা বছৰেই যথেষ্ট) আৰু  “ৱান য়েৰ অৱ কন্টিনিউৱাছ প্রব্লেমছ”(এক বছৰৰ চলমান সমস্যা) হেছটেগ ব্যবহাৰ কৰি বিক্ষোভ কৰিছে, য’ত চৰকাৰৰ নীতি আৰু অব্যৱস্থাপনাৰ বিৰুদ্ধে অসন্তোষ প্রকাশ কৰা দেখা গৈছে। ইন্দোনেছিয়াত দুৰ্নীতি আৰু চৰকাৰৰ অপশাসনৰ বিৰুদ্ধে প্ৰতিবাদ প্রায় এবছৰ পূৰ্বে আৰম্ভ হৈছিল । নেপালত আন্দোলন আৰম্ভ হোৱাৰ পূৰ্বে  ইণ্ডোনেছিয়াত জেন-জিসকলৰ আন্দোলন বিয়পি পৰিছিল। আগস্ট-ছেপ্টেম্বৰ মাহত  আন্দোলনকাৰীয়ে ইণ্ডোনেছিয়াত ৰাষ্ট্ৰপতি প্রাবোও ছুবিয়ান্তোক ‘দুর্নীতিগ্রস্ত অভিজাত শ্রেণীৰ প্রতিনিধি’ অভিহিত কৰি তেওঁৰ পদত্যাগ দাবী কৰিছিল ।

একে ধৰণৰ বিক্ষোভ হৈছে মৰক্কোত। বিক্ষোভৰ সূত্রপাত হৈছিল আগাদিৰ চহৰত । সন্তান জন্ম দিয়াৰ সময়ত কেইবাগৰাকী প্ৰসুতিৰ মৃত্যুৰ ঘটনাক কেন্দ্র কৰি। অস্ত্রোপচাৰ-পৰবর্তী জটিলতাত কেউগৰাকীৰ মৃত্যু হৈছিল । হাস্পাতালত যথোচিত চিকিৎসা নাই। অথচ ২০৩০ চনত বিশ্বকাপৰ আন্তঃগাঠনি নির্মাণত চৰকাৰে কৰা লাখ লাখ ডলাৰ ব্যয়ে জেন-জিসকলক বিক্ষুব্ধ কৰি তুলিছে। বিক্ষোভকাৰীসকল প্রধানমন্ত্রী আজিজ আখান্নোচক উৎখাট কৰিব বিচাৰে । দক্ষিণ আমেৰিকাৰ দেশ পেৰুতো জেন-জিসকলৰ আন্দোলন হৈছে। ২০ ছেপ্টেম্বৰত আৰম্ভ হোৱা এই প্ৰতিবাদৰ সূত্রপাত ঘটে পেন্সন আইনৰ সংস্কাৰক লৈ। ইয়াৰ পিছত ক্ষোভ আৰু হতাশাই দুর্নীতি আৰু অপৰাধবিৰোধী আন্দোলনৰ ৰূপ লয়।

মৰক্কোৰ পৰা মাদাগাস্কাৰ, পেৰাগুৱেৰ পৰা পেৰু, ইণ্ডোনেছিয়াৰ পৰা বাংলাদেশলৈ দেশে দেশে তৰুণসকলৰ নেতৃত্বত বিশ্বজুৰি বিয়পি পৰিছে চৰকাৰবিৰোধী বিক্ষোভ। তেৰ বছৰীয়াৰ পৰা ২৮ বছৰ বয়সীয়া জেনেেৰেশ্বন জুমাৰ্ছ  বা জেন–জি (Generation Zoomers বা Gen Z) সকলৰ অসন্তোষ্টি গণতন্ত্ৰ, সমাজবাদ, ৰাজতন্ত্ৰ আদিৰ নামত চলা প্ৰচলিত ব্যৱস্থা (system)ৰ ওপৰত । চৰকাৰৰ প্রতি তেওঁলোকে তীব্ৰ অনাস্থা প্রকাশ কৰিছে আৰু পৰিবর্তনৰ দাবী জনাইছে ।

জেন-জিৰ আন্দোলন হৈছে দ্রুতগতিৰ অনলাইন-ভিত্তিক আন্দোলনৰ কিছু বৈশিষ্ট্যই এই অৱস্থাৰ কাৰণ। এই চৰিত্ৰ হৈছে স্বল্পম্যাদী আৰু ভাইৰেল প্রকৃতিৰ। হেছটেগ, অনলাইন পিটিছন বা ফ্লেছ মবিলাইজেশ্বনৰ জৰিয়তে কিছু দিনৰ মাজতে লক্ষ লক্ষ সমর্থক গঢ়ি উঠে। কিন্তু এই সংহতি সাধাৰণতে দীর্ঘম্যাদী নহয়। সেয়ে চৰকাৰ বা কৰ্পৰেশ্বনে সহজেই সময় পাৰ হোৱাৰ লগে লগে এই চাপক প্রতিহত কৰিব পাৰে।

‘জেন-জি’ শব্দটো প্রথম দেখা যায় ২০০০ৰ দশকৰ শেষৰ ফালে। এয়া আহিছে ভোক্তা প্রবণতা আৰু বজাৰ বিশ্লেষণৰ জগতৰ পৰা। ২০০৯ চন মানত প্রভাবশালী প্ল্যাটফর্ম “ট্রেণ্ড ৱাচিং ” এই শব্দটো জনপ্রিয় হৈছিল। তেওঁলোকে দেখুৱাইছিল, সেইসময়ৰ যুৱসমাজ এনে এটা যুগত প্রবেশ কৰিছে য’ত সহযোগিতা, সহানুভূতি আৰু উদাৰতা তেওঁলোকৰ জীবনধাৰাৰ গুৰুত্বপূর্ণ অংশ হৈ উঠিছে। এই সময়টো আছিল শ্বেয়াৰিং ইক’নমিৰ সূচনা। এয়াৰ বিএনবি, উবাৰ ক্রাউডফাণ্ডিং, অপেন-ছ”ৰ্চ প্রজেক্ট—সকলোবোৰে মানুহক এজনে আনজনৰ লগত সংযুক্ত কৰাৰ এটা নতুন পথ খুলিছিল। মানুহ সহজেই আনৰ সম্পদ, জ্ঞান বা সুযোগৰ লগত ভাগ কৰি লবলৈ আৰম্ভ কৰিছে তেতিয়া। এই প্রেক্ষাপটত ‘জেন-জি’ শব্দটো এনে লাগিছিল  এনে এটা প্রজন্মৰ বাবে আদর্শ নাম, যিসকলে সহযোগিতা, বিনিময় আৰু সামাজিক সচেতনতাৰ মানসিকতাকলৈ আগুৱাই  গৈছে। কেৱল বজাৰ বা অর্থনীতিত নহয়, ধীৰে ধীৰে জেন-জি ধাৰণা সামাজিক আৰু ৰাজনৈতিক আন্দোলনৰ আলোচনাত প্রবেশ কৰে।

যুবকসকলে গণআন্দোলনৰ বাবে প্রযুক্তি ব্যবহাৰ কৰিছে এটা নতুন কোনো বিষয় নহয়—২০০০-ৰ দশকৰ আৰম্ভনিতে ফিলিপাইন্সত টেক্সট মেছেজিং ব্যবহাৰ কৰে । দ্বিতীয়তে ‘মানুহক নেটৱৰ্কৰে সংযোগ কৰা বিপ্লব ত্বৰান্বিত হৈছিল, আৰু ২০১০-ৰ দশকত আৰব বসন্ত আৰু ‘অকোপাই ৱাল স্ট্রিট’ আন্দোলন মূলতঃ টুইটাৰৰ ওপৰত নির্ভৰ কৰি হৈছিল। এতিয়া যি ভিন্ন সেয়ে হৈছে প্রযুক্তিৰ জটিলতা আৰু বিস্তৃত ব্যবহাৰ—মোবাইল ফোন, ছচিয়েল মিডিয়া, মেছেজিং এপ আৰু এতিয়া এআই (AI)য়ে মানুহক সংগঠিত হোৱাটো সহজ কৰি তুলিছে।
কার্নেগি ইণ্ডিঅ’মেন্ট ফৰ ইন্টাৰনেছনেল পিচৰ ছিনিয়ৰ ফেলো স্টিভেন ফেল্ডষ্টাইনে কৈছে, ‘জেনেৰেশ্বন জি’সকলে এইবোৰৰ লগত ডাঙৰ হৈছে, এইদৰেই তেওঁলোকে যোগাযোগ কৰে… এই প্রজন্মৰ সংগঠন প্রক্রিয়াও তাৰে স্বাভাবিক প্রকাশ।’

শেহতীয়া গণআন্দোলনত সামাজিক মাধ্যমে (ছ’চিয়েল মিডিয়া) এটা গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছে। এটা দশক পূৰ্বে আৰব বসন্ত (Arab Spring) ৰ পৰা আৰম্ভ কৰি ব্রাজিলৰ ‘ভিনেগাৰ মুভমেন্ট’, তুৰস্কৰ ‘গেজি পার্ক প্রটেস্ট’ বা হংকঙৰ  ‘আমব্রেলা মুভমেন্ট’ – প্রতিটো আন্দোলনতেই আমি ইন্টাৰনেটৰ শক্তি দেখিছো । কিন্তু পার্থক্য আছে, এতিয়াৰ সমাজ পূৰ্বতকৈ অনেক বেছি অনলাইন-নির্ভৰ আৰু পৰস্পৰৰ লগত যুক্ত। তথ্যই এতিয়া বিজুলী বেগেৰে গতি কৰে। আন্দোলনকাৰী আৰু শাসক উভয়ে নতুন ধৰণৰ ডিজিটেল কৌশল শিকিছে । শাপক পক্ষই  প্ৰতিৰোধ বা মোকাবিলা কৰাৰ বাবে নতুন নতুন কৌশল অৱলম্বন কৰিছে ।

মাদাগাস্কাৰ ২৫ ছেপ্টেম্বত  বিদ্যুৎ আৰু জল সংকটৰ সমসাৰ বিৰুদ্ধে  তৰুণসকলৰ (জেন-জি) নেতৃত্বত বিক্ষোভ আৰম্ভ হয়।  বিক্ষোভ প্ৰতিবাদত অতি দ্রুতভাৱে চৰকাৰৰ দুর্নীতি, অব্যবস্থাপনা আৰু মৌলিক পৰিসেৱাৰ অভাবৰ বিৰুদ্ধে বৃহত্তৰ আন্দোলনত পৰিণত হয়। অনলাইনত হেছটেগ প্রচাৰিত হোৱা দেখা যায়।  জুবিন গাৰ্গৰ হত্যাকাৰীৰ শাস্তিৰদাবীত এতিয়াও চলি আছে # Justice for Zubeen Garg অভিযান । ইণ্ডোনেছিয়াত দঅপশাসনৰ বিৰুদ্ধে চলিছিল – #ইন্দোনেছিয়াগেলাপ (অন্ধকাৰ ইন্দোনেশিয়া) আৰু # কাবুৰআজাদুলু (এতিয়াই পলাই যোৱা)—যি মানুহক আন  সুযোগৰ চিন্তা কৰিবলৈ উৎসাহিত কৰিছিল। ইতিপূৰ্বে, ইন্দোনেছিয়াত শিক্ষার্থীসকলে চৰকাৰৰ এবছৰ পূর্তি উপলক্ষে ‘ৱান ইয়েৰ ইজ এনাফ’ (এটা বছৰেই যথেষ্ট) আৰু  “ৱান য়েৰ অৱ কন্টিনিউৱাছ প্রব্লেমছ”(এক বছৰৰ চলমান সমস্যা) হেছটেগ ব্যবহাৰ কৰি বিক্ষোভ কৰিছিল, য’ত চৰকাৰৰ নীতি আৰু অব্যবস্থাপনাৰ বিৰুদ্ধে অসন্তোষ প্রকাশ কৰিছিল।

নেপালত গেমিং প্লেটফর্মো ব্যবহাৰ হৈছিল আন্দোলনত। এজনে কয়, ‘আমি এইকথা শিকিছো যে আমি—এই প্রজন্মৰ ছাত্র আৰু যুবকসকলে—যি ইচ্ছা তাকে কৰিব পাৰো।’ নেপালৰ ক্ষোভ কেন্দ্রীভূত হৈছিল  ‘নেপো কিডছ’-ৰ ওপৰত। ‘নেপো কিডছ’ হৈছে দুৰ্নীতিগ্ৰস্তসকলৰ সন্তান আৰু আত্মীয় । তৰুণসকলে ভাবে যে , এই নেপো কিডছসকলে তেওঁলোকৰ সুপৰিচিত আৰু প্রভাবশালী পিতৃমাতৃৰ খ্যাতি আৰু প্রভাবৰ সুবিধা লৈছে আৰু এওঁলোকৰ পিতৃমাতৃৰ অধিকাংশই প্রতিষ্ঠিত ৰাজনৈতিক বা সামাজিক ব্যক্তি। অনেক আন্দোলনকাৰীৰ মতে ‘নেপো কিডছ’সকল গভীৰ দুর্নীতিৰ প্রতীক।

নেপালত জেনজিৰ প্রতিবাদ আৰম্ভ হোৱাৰ কেইদিনমান পূৰ্বে, চৰকাৰে বেছিভাগ ছচিয়েল মিডিয়া প্লেটফর্মৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিছিল চৰকাৰে দাবী কৰিছিল, এয়া ভূৱা সংবাদ আৰু ঘৃণাসূচক মন্তব্যৰে মোকাবিলা কৰিবৰ বাবে নিষিদ্ধ কৰা হৈছিল কিন্তু অনেক নেপালী তৰুণে ভাবিছিল এয়া তেওঁলোকক দমনৰ চেষ্টা আদিত্য তেওঁলোকৰ মাজৰ এজন আছিল চাৰিগৰাকী বন্ধুৰ লগত তেওঁ কাঠমাণ্ডুৰ এটা লাইব্রেৰীত মোবাইল ফোন আৰু কম্পিউটাৰৰ সন্মুখত বহি এআই প্লেটফর্মসমূহচাটজিপিটি, গ্রক, ডিপছিক আৰু ভিডব্যবহাৰ কৰিনেপো কিডছ এণ্ড দুর্নীতি লৈ ৫০টা ছচিয়েল মিডিয়া ক্লিপ প্ৰস্তুত কৰিছিল পৰবর্তী কেইদিনমানৰ ভিতৰত তেওঁলোকে ভিডিওবোৰ ষ্ট কৰিছিল বেছিভাগ সেইবোৰটিকটক ষ্ট কৰিছিল তেওঁলোকে চিনাক্তকৰন এৰাই চলিবলৈ বা ধৰা নপৰিবৰ বাবে একাধিক একাউন্ট আৰু ভার্চুৱেল প্রাইভেট নেটৱর্ক (ভিপিএন) ব্যবহাৰ কৰিছিল তেওঁলোকে নিজৰ গোটৰ নাম দিছিলজেন জি ৰেবেলছ  প্রথম ভিডিঅটো এবিবিএ বেণ্ডৰ গানদ্য উইনাৰ টেক্স ইট অল লগত এৰি দিয়া হৈছিল ২৫ ছেকেণ্ডৰ এই ভিডিও ক্লিপত দেখুওৱা হয় ব্যয়বহুল বিয়াবোৰৰ ছবিবোৰ  দেখা পাই তৰনতৰুণীৰ মনত তীব্ৰ ক্ষোভ সৃষ্টি হৈছিল সেইসময়ত এই ৰাজনীতিকৰ পৰিয়ালবোৰৰ ছবি দেখুওৱা হৈছিল আৰু বিবাহ সম্পৰ্কীয়  শিৰোনাম দি প্ৰকৃত স্বৰূপ উদঙাই দিয়া হৈছিল ভিডিঅটোৰ শেষত এটা আহ্বান আছিল: ‘মই যোগ দিম মই দুর্নীতি আৰু ৰাজনৈতিক প্রভাবশালীসকলৰ বিৰুদ্ধে যুঁজ কৰিম আপুনি কৰিবনে?’ কেৱল এদিনৰ ভিতৰতে এয়া এক লাখ ৩৫ হাজাৰ বাৰচোৱা‘ (ভিউ) হৈছিল, আৰু অনলাইন প্রভাবশালীসকলে ইয়াক অন্যান্য পোষ্টৰ লগত পুনৰ শ্বেয়াৰ কৰি ইয়াৰ বিস্তাৰ ঘটাইছিল

এছিয়াৰ বিভিন্ন দেশ জুৰি বহুকেইখন দেশত তৰুন তৰুণীসকল ৰাজপথত নামি পৰিছে, চৰকাৰ ওফৰাই দিছে, পুৰণি ৰাজনৈতিক ব্যৱস্থা ভাঙি পেলাইছে, – এইসমূহ জানো কেৱল একমাত্ৰ কিছুমান বিক্ষিপ্ত ঘটনা ? নে ইয়াৰ সমাজবিজ্ঞানীসকলে যেতিয়া এই ধৰণৰ বৃহৎ পৰিবর্তনসমূহ দেখা পায়, তেতিয়া তেওঁলোকে নিছক ঘটনাৰ বিৱৰণত আবদ্ধ হৈ নাথাকে ইয়াৰ অন্তৰালৰ কার্যপ্ৰসু সম্পর্কটো বিচাৰি উলিয়াবৰ বাবে সমাজবিজ্ঞানীসকলে চেষ্টা কৰে   এটা তত্ত্বৰ দাপোনত মূখ চাই বুজাৰ চেষ্টা কৰিলে এইজেনজিপ্রজন্মৰ বিদ্রোহৰ নেপথ্যৰ চালিকাশক্তিসমূহ দেখা যায় যিকোনো গণআন্দোলনকলৈ ভাবিবলৈ লে আমাৰ মনলৈ প্রথমে যিটো ধাৰণা আহে, সেয়া হৈছেমানুহৰ মনত বহু ক্ষোভ পুঞ্জীভূত হৈ আছিল সেয়ে তেওঁলোকে বিদ্রোহ কৰিছে কথাটো সচাঁ, কিন্তু সম্পূৰ্ণ সচাঁ নহয় কেৱল ক্ষোভ বা অভিযোগ থাকিলেই আন্দোলন নহয়

স্বচ্ছতা আৰু জবাবদিহি বিচাৰি সৰকাৰৰ বিৰুদ্ধে প্রতিবাদে সৰব হৈছিল নেপালৰ যুব সম্প্রদায়। বিশেষকৈ ছচিয়েল মিডিয়াত নিষেধাজ্ঞা (Nepal Social Media Banned) জাৰি কৰাৰ পিছতে ক্ষোভত ফাটি পৰিছিল জেন জি (Gen Z Protest)। চৰকাৰ ভাঙি গৈছিল। নতুন অন্তর্বর্তীকালীন চৰকাৰৰ প্রধান হিচাবে দায়িত্ব ললে সুশীলা কার্কি (Sushila Karki)য়ে।         আন্দোলনৰ এইবোৰ গতি-প্ৰকৃতি নেপালৰ পূর্ববর্তী আন্দোলনতো স্পষ্ট আছিল। ২০০৬ চনত নেপালৰ  মাওবাদী বিদ্রোহ আৰু এটা দশক ধৰি গৃহযুদ্ধৰ পিছত ৰাজতন্ত্র উৎখাত কৰা এনে এটা বিপ্লবত তৰুণপ্ৰজন্মই অংশগ্রহণ কৰিছিল। কিন্তু ইয়াৰ পিছত দেশখনত ১৭খন চৰকাৰ পৰিবৰ্তন হৈছে।  অর্থনীতি এতিয়া ক্ৰমাৎ সুস্থিৰ হ’বলৈ লৈছে ।   “এন্টি-কৰাপছন গ্রুপ একাউন্টেবিলিটি লেবৰ” সহ-প্রতিষ্ঠাতা নাৰায়ণ অধিকাৰীয়ে কৈছে , পূর্ববর্তী প্রজন্মৰ নেপালী আন্দোলনকাৰী’শেষ পর্যন্তত ছিষ্টেমৰ অংশ হৈ পৰে আৰু তেওঁলোকৰ নৈতিক ভিত্তি হেৰোৱাই পেলায়।   প্রতিবাদকাৰীসকলে হিংসাত্মক কাৰ্যকলাপৰ বাবে ‘প্রবেশকাৰীসকলক’ দোষাৰোপ কৰিছে  যদিও কিছুমান নির্দিষ্ট দাবীৰ সমাধানৰ যুক্তিযুক্ততালৈ সম্মতি দিছে।  জেন–জিসকলে দেখখুৱাই দিছে যে, তেওঁলোকে জলবায়ু পৰিবর্তনক লৈ সচেতন, মানবাধিকাৰ ৰক্ষাৰ দাবীত সৰৱ, তেওঁলোকে এটা সুস্থ শিক্ষাব্যবস্থা আৰূ ন্যায়সংগত কর্মসংস্থানৰ সুযোগ বিচাৰে।

জেন–জিসকলে সমাজৰ ৰন্ধ্রে ৰন্ধ্রে বিয়পি থকা বৈষম্য দূৰ কৰিবলৈ বিচাৰে। মানুহৰ  দুর্ভোগ আৰু দুর্দশা তেওঁলোকক কন্দুৱায়। এই কাৰণতে গাজাৰ পেলেষ্টাইনীসকলৰ পক্ষত সকলোৱে বিশ্বৰ জেন-জিসকলে সকলো ৰঙাচকু উপেক্ষা কৰি আন্দোলন কৰে। পর্যবেক্ষকসকলে কৈছে-  এই পর্যন্ত ডিজিটেল আন্দোলনসমূহৰ অধিকাংশই  মৌলিক সামাজিক পৰিবর্তন আনিবলৈ ব্যৰ্থ হৈছে । কিছুমান দেশত আমূল পৰিবৰ্তন বাদেই আংশিক পৰিবৰ্তনো অহা নাই । মাত্ৰ নেতৃতৰ পৰিবৰ্তন হৈছে কিন্তু ‘ছিষ্টেমৰ’ পৰিবতন হোৱা নাই । বিশেষকৈ এনেবোৰ  দেশত য’ত দুর্নীতি আৰু অন্যান্য সমস্যা গভীৰ। ইয়াৰ এটা কাৰণ হৈছে এই আন্দোলনসমুহৰ কোনো নেতা নাই। নতুন চিন্তা আৰুআদৰ্শপুষ্ট নেতৃত্বৰ অভাবে লক্ষমুখী দীর্ঘম্যাদী সিদ্ধান্ত গ্রহণ আৰু সংগঠিত ৰূপত সংস্কাৰ সাধনৰ পথত বাধা সৃষ্টি কৰে। সামাজিক মাধ্যমৰ বিদ্ৰোহ বা আন্দোলনত  লক্ষ্যমুখী নিষ্ঠা আৰু দৃঢ়তা কম।

এয়া সত্য যে এছিয়াত পূর্বেও দেশসমূহৰ মাজত ৰাজনৈতিক সংহতিৰ এনেবোৰ ঢৌ দেখা গৈছিল।  ১৯৮০-ৰ দশকৰ শেষত ম্যানমাৰ আৰু ফিলিপাইন্সতো এনে উত্তেজনা আৰম্ভ হয় আৰু ২০১৯ চনত হংকঙৰ আন্দোলনত আৰম্ভ হোৱা ” মিল্ক এণ্ড টি এলায়েন্স” পর্যন্ত প্ৰসাৰিত হৈছিল বুলি বিবেচনা কৰে কেলিফ’র্নিয়া বিশ্ববিদ্যালয়ৰ ইতিহাসবিদ জেফ্ৰি ৱাছাৰস্ট্রোমে।  তেওঁ কৈছে যে এইবাৰ বিষয়টি ভিন্ন। প্রতিবাদৰ ছবি পূৰ্বে যিদৰে বিয়পিছে তাতোকৈ বহু বেছি দ্রুত আৰু অনেক দূৰলৈ বিয়পি পৰে, সেয়ে অন্যান্য স্থানত যি ঘটিছে তাৰ ছবি যথেষ্ট ডাঙৰ পৰিসৰলৈ গৈছে।’ এতিয়া গণমাধ্যমৰ প্রযুক্তিয়ে অনুভূতিক উজ্জীৱিঁত কৰিছে। “অস্ট্রেলিয়ান নেছনেল ইউনিভাৰ্চিটি”ৰ ফিলিপাইনী সমাজবিজ্ঞানী অ্যাশ্ব প্রেষ্টোৱে কয়- ‘যেতিয়া আপুনি ইয়াক আপোনাৰ ফোনত পোণে পোণে চায়—বিলাসবহুল ঘৰ, দ্রুতগামী গাড়ী—তেতিয়া দুর্নীতি অধিক বাস্তব বুলি ধাৰনা জন্মে।’

দেখা যায় এই সংযুক্ত প্রজন্মৰ অন্তর্জালত দ্রুত সংহতি  কৰিবলৈ আৰু প্রচাৰ চলাবলৈ সক্ষম। তেওঁলোকে অনলাইনত কেম্পেইন আৰম্ভ কৰে, অনৈতিক বা অমানবীয় ব্রেণ্ডক বয়কট কৰে, জলবায়ু পৰিবর্তন আৰু সামাজিক ন্যায়ৰ দাবীত অংশ লয়, আৰু সংখ্যালঘু বা উপেক্ষিত সম্প্রদায়ৰ কণ্ঠস্বৰক সমগ্ৰ বিশ্বত বিয়পাই দিয়ে। এওঁলোকে মূলধাৰাৰ ৰাজনীতি আৰু সামাজিক কাঠামোৰ বাহিৰৰ পৰা দ্রুত, দৃশ্যমান আৰু প্রায় ভাইৰেলভাবে প্রভাব বিস্তাৰ কৰিবলৈ সক্ষম। পর্যবেক্ষকসকলে কৈছে-  এই পর্যন্ত ডিজিটেল আন্দোলনসমূহৰ অধিকাংশই  মৌলিক সামাজিক পৰিবর্তন আনিবলৈ ব্যৰ্থ হৈছে । কিছুমান দেশত আমূল পৰিবত্তন বাদেই আংশিক পৰিবৰ্তনো অহা নাই । মাত্ৰ নেতৃতৰ পৰিবৰ্তন হৈছে কিন্তু ‘ষ্টেমৰ’ পৰিবতন হোৱা নাই । বিশেষকৈ এনেবোৰ  দেশত য’ত দুর্নীতি আৰু অন্যান্য সমস্যা গভীৰ। ইয়াৰ এটা কাৰণ হৈছে এই আন্দোলনসমুহৰ কোনো নেতা নাই। নতুন চিন্তা আৰুআদৰ্শপুষ্ট নেতৃত্বৰ অভাবে লক্ষমুখী দীর্ঘম্যাদী সিদ্ধান্ত গ্রহণ আৰু সংগঠিত ৰূপত সংস্কাৰ সাধনৰ পথত বাধা সৃষ্টি কৰে। সামাজিক মাধ্যমৰ বিদ্ৰোহ বা আন্দোলনত  লক্ষ্যমুখী নিষ্ঠা আৰু দৃঢ়তা কম। “ছচিয়েল মিডিয়াত স্বভাবগতভাবে দীর্ঘম্যাদী পৰিবর্তনৰ বাবে ডিজাইন কৰা হোৱা নাই… আপুনি এইটোক চলাই ৰাখিবলৈ হ’লে অ্যালগৰিদম, ক্রোধ আৰু হেছটেগৰ ওপৰত নির্ভৰ কৰিব লগা হয় ” ড. ফেল্ডস্টাইনে কয় । লগতে তেওঁ কয় “পৰিবর্তনৰ বাবে মানুহক এটা বিচ্ছিন্ন অনলাইন আন্দোলনৰ পৰা এনে এটা দললৈ ৰূপান্তৰিত হ’ব লাগিব যাৰ দীর্ঘম্যাদী প্রভাব থাকে, আৰু যাৰ বান্ধোন অনলাইন আৰু বাস্তব উভয় ক্ষেত্রতে আছে।’ তেওঁ আৰু কয়, “মানুহে কার্যপ্ৰসু ৰাজনৈতিক কৌশললৈ আহিব লাগিব । কেৱল শূন্য-ফল হ’লে নহ’ব। কিন্তু কৌশল অনুসৰণ কৰাৰ পৰিবর্তে সকলো ধ্বংস কৰি পেলায় ।” বাংলাদেশ আৰু নেপালত ছাত্ৰ বিপ্লবে  চৰকাৰক উৎখাট কৰি নতুন অন্তৱৰ্তীকালীন চৰকাৰ আৰু নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পিছত  উদাৰ গণতান্ত্ৰিক চৰকাৰক দেশবাসীয়ে ক্ষমতাত বহুৱালে ।

এয়া সত্য যে এছিয়াত পূর্বেও দেশসমূহৰ মাজত ৰাজনৈতিক সংহতিৰ এনে ঢৌ দেখা গৈছিল।  ১৯৮০-ৰ দশকৰ শেষত ম্যানমাৰ আৰু ফিলিপাইন্সতো এনে উত্তেজনা আৰম্ভ হয় আৰু ২০১৯ চনত হংকঙৰ আন্দোলনত আৰম্ভ হোৱা ” মিল্ক এণ্ড টি এলায়েন্স” পর্যন্ত প্ৰসাৰিত হৈছিল বুলি বিবেচনা কৰে কেলিফ’র্নিয়া বিশ্ববিদ্যালয়ৰ ইতিহাসবিদ জেফ্ৰি ৱাছাৰস্ট্রোমে।  তেওঁ কৈছে যে এইবাৰ বিষয়টি ভিন্ন। প্রতিবাদৰ ছবি পূৰ্বে যিদৰে বিয়পিছে তাতোকৈ বহু বেছি দ্রুত আৰু অনেক দূৰলৈ বিয়পি পৰে, সেয়ে অন্যান্য স্থানত যি ঘটিছে তাৰ ছবি যথেষ্ট ডাঙৰ পৰিসৰলৈ গৈছে।’ এতিয়া গণমাধ্যমৰ প্রযুক্তিয়ে অনুভূতিক প্ৰৰোচিত কৰিছে। “

পর্যবেক্ষকসকলে কৈছে-  এই পর্যন্ত ডিজিটেল আন্দোলনসমূহৰ অধিকাংশই  মৌলিক সামাজিক পৰিবর্তন আনিবলৈ ব্যৰ্থ হৈছে । কিন্তু নেপাল,বাংলাদেশ, শ্ৰীলংকাত আমি দুৰ্নীতিগ্ৰস্ত চৰকাৰ উৎখাট হৈ  উন্নত ব্যৱস্থাৰ চৰকাৰ প্ৰতিষ্ঠা হোৱা দেখিছো । কিন্তু আান কিছুমান দেশত আমূল পৰিবৰ্তন বাদেই আংশিক পৰিবৰ্তনো অহা নাই । মাত্ৰ নেতৃতৰ পৰিবৰ্তন হৈছে কিন্তু  ‘ছিষ্টেমৰ’ পৰিবৰ্তন হোৱা নাই । বিশেষকৈ এনেবোৰ  দেশত য’ত দুর্নীতি আৰু অন্যান্য সমস্যা গভীৰ। ইয়াৰ এটা কাৰণ হৈছে এই আন্দোলনসমুহৰ কোনো নেতা নাই। নতুন চিন্তা আৰুআদৰ্শপুষ্ট নেতৃত্বৰ অভাবে লক্ষমুখী দীর্ঘম্যাদী সিদ্ধান্ত গ্রহণ আৰু সংগঠিত ৰূপত সংস্কাৰ সাধনৰ পথত বাধা সৃষ্টি কৰে। সামাজিক মাধ্যমৰ বিদ্ৰোহ বা আন্দোলনত  লক্ষ্যমুখী নিষ্ঠা আৰু দৃঢ়তা কম। “ছচিয়েল মিডিয়াত স্বভাবগতভাবে দীর্ঘম্যাদী পৰিবর্তনৰ বাবে ডিজাইন কৰা হোৱা নাই… আপুনি এইটোক চলাই ৰাখিবলৈ হ’লে অ্যালগৰিদম, ক্রোধ আৰু হেছটেগৰ ওপৰত নির্ভৰ কৰিব লগা হয় ” — ড. ফেল্ডস্টাইনে কয় ।

জেনজিৰ আন্দোলনে ক্ষিপ্ৰতাৰে বিশ্বব্যাপ্ত ৰূপ লবলৈ সক্ষম হৈছে এই শক্তি এফালে যিমান আশাব্যঞ্জক, আনহাতে এটা ডাঙৰ প্রশ্নও উত্থাপন কৰে তৰুণ প্রজন্মই সক্রিয়তাই সঁচাকৈ মূলধাৰাৰ ক্ষমতাক প্ৰত্যাহ্বান জনায় আৰু কিছু ক্ষেত্রত নতুন নেতৃত্বক  ক্ষমতাত অধিষ্ঠিত হোৱাৰ সুবিধা দিয়ে সৰ্বোপৰি আমি এই বুলি ধৈৰ্য ধৰিব লাগিব যে  উন্নত  আৰু দুৰ্নীতিমুক্ত ব্যৱস্থা হৈছে সময় পাৰ হোৱাৰ লগে লগেহে সমাজত দেখা পোৱা পৰিবৰ্তন সেয়ে কেৱল মানুহ বা নেতাৰ পৰিবৰ্তনেই  আস্থা আৰু নিশ্চয়তাৰ শেষ নহয় কিন্তুছিষ্টম  পৰিবৰ্তনৰ বাবে প্ৰথমে ক্ষমতাত থকা দুৰ্নীতিগ্ৰস্ত উৎখাট বই লাগিব



Source link

Leave a Reply